মুখ্য পৃষ্ঠা
06/04/25
15:39
শ্ৰদ্ধাৰ কবি হীৰু দাৰ সোঁৱৰণতঃ
প্ৰেমিক মই নাছিলো কোনোদিনে
© ৰাজু কলিতা
_____________________________
প্ৰেমিক মই নাছিলো কোনোদিনে !
তথাপি অপেক্ষা মোৰ সদায় ,
ৰ'দৰ চিঠি খনলৈ !
চকু ঘুৰাই চাওঁ ,
কিজানি দেখা পাওঁ শইচৰ পথাৰত
এজাক সুগন্ধি পখিলা !
দেশৰ পিচত দেশ পাৰ হৈ ,
মই হ'ব বিচাৰো ৰণুৱা-বণুৱা-হালোৱা !
প্ৰেমিক মই নাছিলো কোনোকালে !
তথাপি আশা মোৰ ,
যৌৱনৰ কোঁহে-কোঁহে !
প্ৰেমৰ কবিতাই ,
আজি মোক জীয়াব শিকালে |